June 8, 2026 11:41 AM

views 7

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ

কৃষিজাত আৰু সংসাধিত খাদ্য-সামগ্ৰী ৰপ্তানী উন্নয়ন প্ৰাধিকৰণ, এপেডাৰ জৰিয়তে জি আই টেগযুক্ত তেজপুৰৰ এক টন সুস্বাদু লিচু ডুবাইলৈ প্ৰেৰণ কৰা হৈছে। তেজপুৰত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দ্বিতীয় বার্ষিক লিচু উৎসৱৰ অন্তিম দিনা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, এপেডাৰ বিষয়ববীয়া তথা জিলা কৃষি বিষয়াই পতাকা জোকাৰি লিচু ৰপ্তানি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। বিধায়ক ৰাভাই লিচু খেতিয়কসকলৰ লগতে তেজপুৰবাসীৰ বাবে এয়া অতি আশাব্যঞ্জক খবৰ বুলি উল্লেখ কৰি দুই-এদিনতে ছ...