September 3, 2026 12:33 PM | CM in Dergaon

printer

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিবেশ সংবেদনশীল অঞ্চল গঠন সন্দর্ভত মুখ্যমন্ত্ৰীৰ প্ৰকাশ

ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিবেশ সংবেদনশীল অঞ্চল গঠন সন্দর্ভত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ ৰূপায়ণ কৰাৰ পূৰ্বে স্থানীয় জনগোষ্ঠীৰসমূহৰ সৈতে আলোচনা কৰিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। দেৰগাঁৱত কালি অসম আৰক্ষীৰ উপ অধীক্ষক আৰু নৱনিযুক্ত কনিষ্টবলসকলৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, যে পৰিৱেশ সংবেদনশীল অঞ্চল চূড়ান্ত কৰাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ ওচৰ পাজৰে বাস কৰা জনসাধাৰণৰ উদ্বেগ আৰু জটিলতাসমূহ দূৰ কৰিব লাগিব। তেওঁ কয়, যে কাজিৰঙাত দীর্ঘকালীন সুৰক্ষা উদ্যানখনৰ চৌপাশে বাস কৰা জনগোষ্ঠীসমূহৰ সহায়-সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে। কাজিৰঙাৰ চৌপাশৰ জৈৱ সংবেদনশীল অঞ্চলসমূহৰ প্ৰস্তাৱিত সাল সলনিক লৈ বিৰোধী কংগ্ৰেছ দলে অলপতে সাব্যস্ত কৰা প্রতিবাদক লৈ কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বৰ্তমান চৰকাৰে গঁড়ৰ চোৰাং চিকাৰ ৰোধ কৰিবলৈ সমর্থ হৈছে আৰু কাজিৰঙা গৌৰৱ কৰিব পৰা স্থানলৈ ৰূপান্তৰ কৰিছে। উদ্যানখনত ভালেমান উন্নয়নমূলক কাম ৰূপায়ণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।