অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে আজি কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয়। এই বৈঠকত সকলো উচ্চ পদস্থ বিষয়াৰ লগতে প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে এই বৈঠকত অংশ লয়। সঞ্চালক প্ৰধান গৰাকীয়ে বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কয় যে অসম আৰক্ষীক দেশৰ শীৰ্ষ পাঁচটা আৰক্ষী বাহিনীৰ ভিতৰত অন্তৰ্ভূক্ত কৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে । ইয়াৰ বাবে আৰক্ষী বাহিনীৰ আন্তঃগাঁথনি নিৰাপত্তা ব্যৱস্থা আৰু সেৱাৰ উন্নয়ন সন্দৰ্ভত গুৰুত্ব দিয়া হৈছে বুলি তেওঁ কয় ৷ জনসাধাৰণক সুৰক্ষা দিয়াৰ লগতে ক্ষীপ্ৰতাৰে সেৱা আগবঢ়োটোৱেই অসম আৰক্ষীৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। অসমত অনুপ্রেৱশকাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে সদায় সক্ৰিয় হৈ আছে বুলিও তেওঁ কয়।
Assamese | September 5, 2025 6:33 PM | Akashvani Guwahati | Assam DGP | Assam Police
কাছাৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক