কাছাৰ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি প’লিং বিষয়াসকল শিলচৰ, বৰখলা, সোনাই আৰু উধাৰবন্দ বিধানসভা সমষ্টিলৈ ৰাওনা হৈছে। জিলাখনৰ ৭টা বিধানসভা সমষ্টিৰ বাবে বৰ্তমান ৬৪ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে দুগৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হৈছে। পঞ্চায়ত নিৰ্বাচনত নিজৰ কৰ্তব্য পালনৰ বাবে সাজু হোৱাৰ সময়তে আজি শিলচৰৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। গ্ৰাম্য স্বাস্থ্য পৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়াগৰাকী নুৰুল হক চৌধুৰী বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে।
Assamese | May 1, 2025 7:39 PM | assam panchayat election | Cachar
কাছাৰ জিলাত ২মেত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ