প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব। দেশত বহনক্ষম অর্ধপৰিবাহী অৰ্থব্যৱস্থা গঢ়ি তোলাৰ বাবে ৩ দিনীয়া কাৰ্যসূচীৰে এই সন্মিলন অনুষ্ঠিত হ’ব। এই সন্মিলনত চেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অগ্ৰগতি স্মার্ট মেনুফেক্সৰিং, কৃত্রিম বুদ্ধিমত্তা আৰু উদ্ভাৱন গৱেষণা আৰু বিকাশ, বিনিয়োগৰ সুবিধা, ৰাজ্যিক পৰ্যায়ৰ আঁচনি ৰূপায়ণ আদি সন্দৰ্ভত আলোচনা কৰা হব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ এই সন্মিলনত ভাগ লব। ৪৮ খনৰো অধিক দেশৰ দুহেজাৰ ৫০০ ৰো অধিক লোকৰ সৈতে এই সন্মিলনত ২০ হাজাৰৰো অধিক প্ৰতিনিধিয়ে ভাগ ল’ব। এই সন্মিলনত ছখন দেশৰ ঘুৰণীয়া মেজমেল অনুষ্ঠিত হ’ব। ষ্টাৰ্ট আপৰ অৰ্থব্যৱস্থা গঢ়ি তোলা, আন্তৰাষ্ট্ৰীয় সহযোগিতা আৰু অৰ্ধপৰিবাহী খণ্ডত ভাৰতৰ ভৱিষ্যতৰ ৰূপৰেখা নিৰূপনক এই সন্মিলনত বিশেষকৈ অগ্ৰাধিকাৰ দিয়া হৈছে।
Assamese | September 1, 2025 8:18 PM | Semicon India 2025
কাইলৈ যশোভূমিত চেমিকন ইণ্ডিয়া ২০২৫ মুকলি কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে