গুৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে ভৱিষ্যত বিকাশৰ মূল ভেটি হিচাপে ডিজিটেল প্ৰক্ৰিয়া আঁকোৱালি ল’বলৈ তীখা উদ্যোগ খণ্ডলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি তীখা খণ্ডৰ ডিজিটেল ৰূপ বিষয়ক চিন্তন শিবিৰত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে আহ্বান জনায়।
তেওঁ কয়, যে ভাৰতে ২০১৮ চনৰে পৰা বিশ্বৰ দ্বিতীয় সর্ববৃহৎ তীখা উৎপাদনকাৰী হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২১-২২ বিত্তীয় বৰ্ষৰ পাছৰেপৰা কেঁচা তীখাৰ উৎপাদন বছৰি প্ৰায় ৮ শতাংশকৈ বৃদ্ধি পাই আহিছে। ইয়াৰ বিপৰীতে তীখাজাত সামগ্ৰী ব্যৱহাৰ প্ৰায় ১৩ শতাংশ বৃদ্ধি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
শ্ৰী কুমাৰস্বামীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা, যন্ত্ৰৰ বিষয়ক শিকন, ৰব’টিক্চ, ডিজিটেল টুইন্ছ আৰু এডভান্স এনেলাইটিছৰ দৰে প্ৰযুক্তিসমূহ উৎপাদন বৃদ্ধি, সুৰক্ষা, শক্তিৰ ব্যৱহাৰ হ্ৰাস আৰু ব্যয় কম কৰাৰ বাবে অতিকে জৰুৰী।