প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাইলৈ দিনৰ ১১বজাত দেশ-বিদেশৰ লোকৰ সৈতে মত-বিনিময় কৰিব। এয়া হ’ব আকাশবাণীৰ মাহেকীয়া অনুষ্ঠানটোৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ’ব। এই অনুষ্ঠান AIR News ৱেবছাইট আৰু News on AIR ম’বাইল এপযোগেও শুনিব পৰা যাব। এয়াৰ নিউজ, ডিডি নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ইউটিউৱ চেনেলত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। হিন্দী প্ৰচাৰৰ ঠিক পাছতে আকাশবাণীৰ বিভিন্ন কেন্দ্ৰই মন কী বাতৰ অসমীয়া ৰূপান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই অনুষ্ঠানৰ অসমীয়া ভাঙনি প্ৰচাৰ কৰিব।
Assamese | May 24, 2025 4:07 PM | Akashvani News | Maan ki Baat | narendra modi | PMO Modi
কাইলৈ দিনৰ ১১বজাত আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান