মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্র সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পর্যবেক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত সহায় কৰিব। ইয়াৰ ফলত উজনি অসমৰ জনসাধাৰণে দিছপুৰলৈ নোযোৱাকৈ বিভিন্ন বিষয় ডিব্ৰুগড় সচিবালয়ত নিষ্পত্তি কৰিব পাৰিব।
Assamese | September 5, 2024 6:32 PM | Akashvani | CM dibrugarh | CMO Assam | Dibrugarh | Himanta Biswa
কাইলৈ ডিব্ৰুগড়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্র সচিবালয় মুকলি কৰিব