আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ’ব। আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ মফিদুল হাছান, ষ্টার্ট আপ উদ্যামী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।
Assamese | January 31, 2025 10:44 AM | Akashvani | akashvani dristipat | Drishtipat
কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিষয়ক আলোচনা