January 24, 2026 9:56 PM

views 183

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীর্ষক এটি আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ কালত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ' শীর্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্রহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্রতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্রযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

October 26, 2025 12:23 PM

views 100

গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

১৯৮৫ চনৰ ২৪ মাৰ্চত আৰম্ভণি হোৱা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ কেবাগৰাকীও পূৰ্বৰ বিষয়া কৰ্মচাৰী আৰু বাতৰি পৰিবেশকৰ মনৰ ভাৱ আৰু অভিজ্ঞতাৰে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া দেবেন তামুলী, মুকুল তালুকদাৰ আৰু শৈলেন্দ্ৰ দাসে প্ৰত্যাহ্বান নেওচি সীমিত সা-সুবিধাৰ মাজত প্ৰথম অৱস্থাত বাতৰি সম্প্ৰচাৰৰ আৰম্ভণিৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। তালুকদাৰে নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে গুৱাহাটীৰ দূৰদৰ্শনৰ বাতৰি আৰম্ভ কৰাৰ ক্ষেত্ৰত আকাশবাণী ...

September 4, 2025 11:29 AM

views 67

৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ...

May 25, 2025 10:57 AM

views 75

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰা উচিতঃ দৃষ্টিপাত অনুষ্ঠানত বিশেষজ্ঞৰ মন্তব্য

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে অত্যুৎসাহী নহৈ সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক স্পষ্ট ৰূপত অৱগত কৰা উচিত। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনাত বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰাই এইকথা প্ৰকাশ কৰে। অনুষ্ঠানত শ্ৰীবৰাই সংবাদ মাধ্যমৰ সংযত বাতৰি পৰিবেশনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দেশৰ সংকটকালীন সময়ত সংবাদ মাধ্যম সজাগ, সতর্ক হ...

April 12, 2025 12:58 PM

views 72

আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক লৈ আকাশবাণীৰ আজিৰ দৃষ্টিপাত অনুষ্ঠান

আবৃত্তি এটা পৰিৱেশ্য কলা হ'ব পাৰেনে? সংগীত নাটক একাডেমীয়ে অসমীয়া ভাষাৰ আবৃত্তিক পৰিৱেশ্য কলাৰ স্বীকৃতি দিয়াৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আবৃত্তিৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিয়ে মতামত আগবঢ়াব। আকাশবাণীৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত ৰঙালী বিহু পালনৰ বিষয়ে এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই দুয়োটা অনুষ্ঠানৰ প্রযোজনা আৰু...

February 7, 2025 8:42 PM

views 74

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্ৰহণ কৰিব। এই আলোচনাৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। অনুষ্ঠান চলি থকা সময়ত শ্ৰোতাসকলে ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটোত পোনপটীয়াকৈ অংশ ল'ব পাৰিব।

January 31, 2025 10:44 AM

views 82

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ মফিদুল হাছান, ষ্টার্ট আপ উদ্যামী প্ৰণৱ তালুকদাৰ আৰু নবীন উদ্যোগী ভাস্কৰজ্যোতি হালৈয়ে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় বাজেট সম্পৰ্কীয় এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

December 13, 2024 5:39 PM

views 67

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই দুটা নম্বৰত দিয়া অভিমত, প্রশ্ন আৰু উত্তৰ প্ৰচাৰিত হ'ব।

November 1, 2024 7:46 PM

views 69

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুর্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

September 22, 2024 11:28 AM

views 93

মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিন পূৰ হোৱা উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে

কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ ১০০ দিন পূৰ হোৱাৰ সৈতে সংগতি ৰাখি বিকশিত ভাৰতৰ পথত অগ্ৰসৰ হোৱাৰ এশ দিন উপলক্ষে চৰকাৰে মহিলা নেতৃত্বাধীন বিকাশৰ লক্ষ্য লৈছে। ইয়াৰ অধীনত মহিলাৰ দ্বাৰা ক্ৰয় কৰা সম্পত্তিৰ বাবে ষ্টাম্প শুল্ক হ্ৰাস কৰিবলৈ ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে। তদুপৰি হোষ্টেল আৰু মহিলা নিৰ্ধাৰিত দক্ষতা কাৰ্যসূচীৰ জৰিয়তে মহিলাৰ কর্মশক্তিৰ অংশগ্ৰহণত উদগণি যোগোৱা হৈছে। পর্যটন খণ্ডত মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ পৰ্যটন দিদি আৰু পৰ্যটন মিত্ৰ আঁচনি লোৱা হৈছে। তদুপ...