■ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ’ব। বিশিষ্ট গীতিকাৰ ড০ দিনেশ বৈশ্য, বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল’বলগীয়া এই আলোচনাৰ অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | September 4, 2025 11:29 AM | Akashvani | Akashvani Guwahati | Dr Bhupen Hazarika | Drishtipat
৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান