কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কলৰ শেহতীয়া অচলাবস্থা দূৰ কৰা সন্দৰ্ভত মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই আজি মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰ অধ্যক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে মৰাপাট যোগনীয়াৰ আৰু কলটোৰ কৰ্তৃপক্ষৰ মাজত চলি থকা সংঘাতৰ পৰিণতিত যোৱা এসপ্তাহ ধৰি ইয়াৰ দ্বিতীয়টো ইউনিটৰ উৎপাদন সাময়িকভাবে বন্ধ হৈ আছে। মৰাপাট কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈৰ বিৰুদ্ধে দুর্নীতি আৰু অনিয়ম চলোৱা বুলি পৰিচালনা মণ্ডলীৰ সদস্যই আজিৰ সভাত বিষয়টো উত্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে বিভাগীয়ভাবে চলোৱা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত আইনগত ব্যবস্থা লোৱা হ’ব বুলি সকলোকে আশ্বাস দিয়ে।
Assamese | December 7, 2025 9:02 PM | Keshab Mahanta meet Jute Cooperation at Kaliabor
কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কলৰ শেহতীয়া অচলাবস্থা সন্দৰ্ভত মন্ত্রী তথা স্থানীয় বিধায়ক কেশৱ মহন্তৰ মৰাপাট কলটোৰ পৰিচালনা মণ্ডলীৰে আলোচনা