ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ১২৫টা গঁড়, ২৬টা বাঘৰ উপৰি হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথ বেয়া হোৱাত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত কেতিয়াকৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব সেই বিষয়ে অৱগত কৰাব।
Assamese | May 16, 2024 2:28 PM | Orang National Park Closed
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা