May 16, 2024 8:35 PM

views 38

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে জনাইছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথ বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত উদ্যানখন পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা তাৰিখ ঘোষণা কৰিব।

May 16, 2024 2:28 PM

views 57

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰিছে। ১২৫টা গঁড়, ২৬টা বাঘৰ উপৰি হাতী, হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ ভূমিৰ এই ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী আৰু হাতী চাফাৰী বন্ধ থাকিব বুলি মঙলদৈ বন্যপ্রাণী সংমণ্ডলে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বাৰিষা আগতীয়াকৈ অহাৰ বাবে উদ্যানৰ ভিতৰৰ পথ বেয়া হোৱাত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত কেতিয়াকৈ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ব সেই বিষয়ে অৱগত কৰাব।