প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সহাঁৰি বাহিনী এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয় যে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ সলাগ লয়। শ্রী মোদীয়ে কয় যে দুৰ্যোগৰ সময়ত এন ডি আৰ এফৰ বিষয়াসকলে অতি প্ৰত্যাহ্বানজনক পৰিস্থিতিতো জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। এয়া আটাইতকৈ প্ৰশংসনীয় সেৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এন ডি আৰ এফ আন্তৰ্জাতিক ভাৱে প্ৰশংসিত হৈছে।
Assamese | January 19, 2026 2:32 PM | Akashvani | Akashvani News | NDRF | PMO India | PMO Modi
এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রধানমন্ত্ৰী মোদীৰ শুভেচ্ছা