ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, এন আই এছ ই আৰৰ শিক্ষাৰ্থীসকলক মানৱতা আৰু ৰাষ্ট্ৰৰ বাবে নিজৰ শিক্ষা আৰু জ্ঞানৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ওড়িশাৰ ভূৱনেশ্বৰত আজি বিয়লি এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই উপলক্ষে ৰাষ্ট্ৰপতি মুৰ্মুৱে শিক্ষাৰ্থীসকলক নিজ নিজ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব উজাৰি দি দেশৰ হকে প্ৰশংসা বুটলিবলৈ আহ্বান জনায়। শিক্ষাক অমৃতৰ সমান বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্ৰসিদ্ধ ভাৰতীয় পদার্থবিজ্ঞানী চাৰ চি ভি ৰমণ আৰু জ্যোতির্বিদ, গণিতজ্ঞ তথা বিদ্যান পাথানি চামন্তৰ দৰে চিৰস্মৰণীয় ব্যক্তিসকলক গঢ় দিয়াত শিক্ষাৰ অৱদান অতুলনীয়। শ্ৰীমতী মুৰ্মুৱে অৱশ্যে শিক্ষার্থীসকলক অধ্যয়ন আৰু গৱেষণাৰ সময়ত বিজ্ঞান আৰু প্ৰযুক্তিৰ অপব্যৱহাৰ সম্পৰ্কে সতৰ্ক কৰি দিয়ে কিয়নো ইয়াৰ ফলত মানৱ জাতিলৈ বিনাশ নামি আহিব পাৰে। ৰাষ্ট্ৰপতিগৰাকী ৰথযাত্ৰা আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ৪ দিনীয়া ভ্ৰমণসূচীৰে শনিবাৰৰ পৰা গৃহৰাজ্য ওড়িশাত আছে। তেওঁ আজি সন্ধিয়া নতুন দিল্লীলৈ উভতি যাব।
Assamese | July 9, 2024 8:28 PM | President Convocation
এন আই এছ ই আৰৰ ত্ৰয়োদশ স্নাতক সমাৰোহত ৰাষ্ট্ৰপতিৰ ভাষণ