August 1, 2026 12:05 PM | PM Visit

printer

এদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অন্ধ্রপ্রদেশ আৰু কৰ্ণাটক যাত্ৰা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্রমণসূচীৰে অন্ধ্রপ্রদেশ আৰু কৰ্ণাটকলৈ যাব। অন্ধ্রপ্রদেশ ভ্রমণকালত শ্রী মোদীয়ে ভিজিয়ানগৰম জিলাৰ ভোগাপুৰমত ১৮ হাজাৰ কোটিৰো অধিক ধনৰ ব্যয়ৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভোগাপুৰমত অল্লুৰী সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে পাঁচ হাজাৰ ৬০০ কোটিৰো অধিক টকাৰে বিকশাই তোলা এই গ্রীণ ফিল্ড বিমান বন্দৰটো বছৰি ৬০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমান বন্দৰটোৱে অন্ধ্রপ্রদেশৰ সেই অঞ্চলটোত পর্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্রধানমন্ত্রীয়ে বিশাখাপট্টনমৰ এ এছ আই পি ছেমিকণ্ডাক্টৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পটোত ৪৬০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত এয়া হ’ব ৰাজ্যখনত প্রথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ কেন্দ্র। এই কেন্দ্রটোত প্রতি বছৰে প্ৰায় ৯৬ লাখ ছেমিকণ্ডাক্টৰ ছিপ নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত নিযুক্তিৰ সুবিধাও বৃদ্ধি পাব। শ্রী মোদীৰ আজিৰ ভ্ৰমণতে ৰাজ্যখনৰ শক্তিখণ্ডৰ বিশেষ প্রকল্পও মুকলি কৰিব। তেওঁ লগতে প্রায় তিনি হাজাৰ ৫৫০ কোটি টকাৰে বিকশাই তোলা কুৰনুল বায়ু শক্তি এলেকা আৰু অন্ধ্র প্রদেশৰ সৌৰ শক্তি এলেকাৰ এ আৰু বি অংশ মুকলি কৰিব। তেওঁ অনন্তপুৰমৰ আন এটা শক্তি প্রকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্রকল্পসমূহে কুনুল আৰু অনন্তপুৰমৰ শক্তিখণ্ডৰ দ্রুত উন্নয়ন সাধন কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেকেইটা প্রকল্পও মুকলি কৰিব। ইয়াৰ ভিতৰত লিংগসমুদ্ৰমৰ এখন দলঙো আছে। এই প্রকল্পসমূহে বিজয়বাড়া আৰু বিভিন্ন চহৰৰ মাজৰ যানযট বহুলাংশে হ্রাস কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব। এই প্রকল্পসমূহে বিশাখাপটনম আৰু হায়দৰাবাদৰ মাজত আঞ্চলিক সংযোগ তৃৰান্বিত কৰিব আৰু ভ্ৰমণ দূৰত্ব তথা সময় হ্রাস কৰিব।

অন্ধ্রপ্রদেশ ভ্রমণৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কর্ণাটকলৈ ৰাওনা হ’ব। শ্রী মোদীয়ে আজি মহীশুৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুব কেন্দ্র- বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে ১৮৯২ চনত স্বামী বিবেকানন্দই মহীশুৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক নিৰঞ্জনা মঠত অৱস্থিত এই বিবেক স্মাৰকটো ৮১ হাজাৰ বৰ্গফুট এলেকাত নির্মাণ কৰি উলিওৱা হৈছে। প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে শিক্ষার্থীসকলক উদ্দেশ্য কৰি এই কেন্দ্ৰটোত বিশেষ সুবিধাৰ দিহা কৰা হৈছে।