June 11, 2026 12:32 PM | Ashwini Baishnav

printer

এদিনীয়া ভ্রমণসূচীৰে অশ্বিনী বৈষ্ণৱ আজি জয়পুৰত উপস্থিত হ’ব

ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এদিনীয়া ভ্রমণসূচীৰে আজি জয়পুৰত উপস্থিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত উপস্থিত হৈ ভার্চুৱেল মাধ্যমেৰে জয়চলমেৰ জিলাৰ ৰামগড়ত এটা ২০কিলোৱাট ক্ষমতাসম্পন্ন এফ এম ট্রানচমিটাৰ মুকলি কৰিব। প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্রাচোন যোশীও অনুষ্ঠানত উপস্থিত থাকিব। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ মালৱিয়া ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বিয়লি মন্ত্ৰীগৰাকীয়ে জয়পুৰৰ কৃষি গৱেষণা কেন্দ্ৰত আয়োজিত বিকশিত ভাৰত সংকল্প সমাৰোহত ভাষণ প্ৰদান কৰিব

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।