শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত আজি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু উদ্যোগ, বাণিজ্য কেন্দ্ৰৰ সহযোগত যুৱদলত আয়োজিত এই কাৰ্যসূচীত মন্ত্ৰী শ্ৰী পেগুৱে ৰাজ্যৰ ব্যৱসায়িক সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃগাঁথনি উন্নয়ন পদক্ষেপসমূহৰ জৰিয়তে আগবাঢ়ি যাবলৈ উদ্যোগীসকলক উৎসাহিত কৰে। এই কাৰ্যসূচীত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শতাধিক যুৱ উদ্যোগীয়ে অংশগ্ৰহণ কৰে।
Assamese | February 4, 2025 7:34 PM | Dr Ranoj Pegu Awareness
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত শিৱসাগৰত সজাগতা সভা