বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি) ৰ বৰ্ড অৱ গভৰ্ণৰৰ ৫৮ সংখ্যক বার্ষিক সভাত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে আজিৰ পৰা ৭ মে’লৈ এই সভা অনুষ্ঠিত হৈছে। এই ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে ইটালী, জাপান আৰু ভূটানৰ বিত্ত মন্ত্ৰীসকলৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাতো ভাগ ল’ব। তদুপৰি তেওঁ মিলানত বিশেষজ্ঞ, ব্যৱসায়িক নেতা আৰু কাৰ্যবাহী সঞ্চালকসকলকো সাক্ষাৎ কৰিব। শ্ৰীমতী সীতাৰমণে মিলানত প্রবাসী ভাৰতীয় সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বক্কনি বিশ্ববিদ্যালয়ত অর্থনৈতিক আৰু জলবায়ু স্থিতিস্থাপকতাৰ ভাৰসাম্য শীর্ষক অনুষ্ঠানতো উপস্থিত থাকিব।
Assamese | May 4, 2025 8:44 PM | FM Nirmala Sitharaman
এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ বৰ্ড অৱ গভৰ্ণৰৰ বার্ষিক সভাত অংশগ্রহণৰ বাবে বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ইটালী ভ্ৰমণ