■ ইউ এছ অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত আজি সন্ধিয়া ভাৰতৰ যুকি ভান্ত্ৰী আৰু তেওঁৰ নিউজিলেণ্ডৰ সহযোগী মাইকেল ভেনাছ, ব্ৰিটিছ যুটী নীল স্কুপস্কি আৰু জ’ ছেলিজবেৰিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত যোৱা মঙলবাৰে ন’ভাক জকভিছে টাইলৰ ফ্রিট্জক কোৱাৰ্টাৰ ফাইনেলত ৬-৩, ৭-৫, ৩-৬, ৬-৪ ছেটত পৰাস্ত কৰে। জকভিছে কাইলৈ স্পেইনৰ কাৰ্লোৰ্ছ আলকাৰ্জেৰ বিৰুদ্ধে ছেমি পাইনেলত অৱতীৰ্ণ হ’ব।
মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আমেৰিকাৰ আমাণ্ডা আনিছিম ভাই পোলেণ্ডৰ ইগা শ্বাইটেক ৬-৪, ৬-৩ ছেট পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে।
Assamese | September 4, 2025 3:29 PM | Akashvani News | Akashvani Sports News | SPORTS | Tennis | US Open
ইউ এছ অ’পেন টেনিছত পুৰুষৰ ডাবলছৰ ছেমি ফাইনেল ভাৰতৰ যুকি ভান্ত্ৰী