June 9, 2026 12:07 PM | cm meeting

printer

ইউৰোপীয় সংঘৰ উপস্থিতিত গুৱাহাটীত ব্লু ভেলীজ ক্লাষ্টাৰ শীৰ্ষক কর্মশালা অনুষ্ঠিত

অসম-ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্রতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলীজ ক্লাষ্টাৰ শীৰ্ষক এখন কর্মশালাত অংশ লৈছে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই কর্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হার্ভে ডেলফিন সহ ইউৰোপীয় সংঘৰ প্রতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলী ক্লাষ্টাৰৰ উদ্বোধন কৰা হ’ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্রী ড০ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদ মেল সম্বোধন কৰিব। এই ব্লু ভেলী ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে।