June 8, 2026 11:19 AM | EU-Assam visit

printer

ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ দুদিনীয়া ভ্রমণসূচীৰে আজি অসম আগমণ

ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল দুদিনীয়া ভ্রমণসূচীৰে আজি অসমলৈ আহিব। এই ভ্রমণে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত বিনিয়োগ আৰু নিয়োগৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। প্রতিনিধি দলটোক অসমলৈ আদৰণি জনাই সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ অসম ভ্রমণে ভাৰত-ইউৰোপীয় সংঘৰ মাজত শক্তিশালী সম্পৰ্ক, বাণিজ্য সম্পৰ্ক আৰু উমৈহতীয়া প্ৰগতিৰ গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয়, যে ইউৰোপীয়ান ব্লু ভেলী ক্লাষ্টাৰ উদ্যোগৰ অধীনত অসম আৰু ইউৰোপীয় সংঘৰ পাৰস্পৰিক ঔদ্যোগিক সক্ষমতাসমূহক একত্ৰিত কৰি জৈৱ আধাৰিত মূল্য সংযোজনৰ বাবে সুসংহত আৰু সমন্বিত ব্যৱস্থা গঢ়ি তোলা হ’ব। ইয়াৰ ফলত কৃষি, খাদ্য প্ৰসংস্কৰণ, জৈৱ প্ৰযুক্তি, শক্তি আদি বিভিন্ন ক্ষেত্ৰত উদ্ভাৱন, বিনিয়োগ আৰু প্ৰযুক্তিগত অৰ্থনৈতিক বিকাশৰ সুযোগ সৃষ্টি কৰিব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে।