October 21, 2025 11:41 AM | Police commemoration day

printer

আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীর্ষ বিষয়াসকলেও শ্রদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকর্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে। তেওঁ কয়, যে আৰক্ষীৰ নিৰন্তৰ সেৱাই জনসাধাৰণক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰি আহিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।