October 21, 2026 1:00 PM

views 6

কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া সাহসী আৰক্ষী জোৱানসকললৈ আৰক্ষী স্মৃতি দিৱসত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শ্রদ্ধা নিবেদন

দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৫৯ চনৰ এই দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত সশস্ত্র চীনা সেনাৰ অতর্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১০ জন বীৰ জোৱান শ্বহীদ হৈছিল। তেতিয়াৰে পৰাই ২১ অক্টোবৰ দিনটো প্ৰতিবছৰে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আৰক্ষী স্মৃতি দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত কৰ্তব্যৰত অৱস্থাত প্রাণ আহুতি দিয়া সাহসী আৰক্ষী জোৱানসকললৈ শ্রদ্ধা নিবেদন কৰে। তেওঁ কয়, যে এই দিনটোতেই প্রায়ে প্রত্যাহ্বানপূর্ণ পৰিস্থ...

October 21, 2025 11:41 AM

views 72

আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীর্ষ বিষয়াসকলেও শ্রদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকর্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বিষয়ে...

October 21, 2024 12:31 PM

views 42

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

আজি আৰক্ষী স্মৃতি দিৱস। এই উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় পুলিচ স্মাৰকত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশৰ আৰক্ষী জোৱানসকলৰ বলিদানক স্মৰণ কৰি শ্ৰী শ্বাহে কয় যে, যোৱা দশকত আমাৰ বীৰ জোৱানসকলৰ প্ৰচেষ্টাত জম্মু-কাশ্মীৰ, উত্তৰ-পূব আৰু বাওপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত হোৱা অঞ্চলসমূহত শান্তি বিৰাজ কৰিছে। তেওঁ কয় যে, যোৱা এটা বছৰত ২১৬ গৰাকী আৰক্ষী জোৱানে দেশৰ বাবে বলিদান দিছে।