কামৰূপ জিলাৰ আমিনগাঁৱৰ লোকপ্ৰিয় সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত আজি প্ৰেছ ইনফৰমেছন ব্যু’ৰোৰ উদ্যোগত ‘বার্তা’ শীর্ষক এখন বিশেষ কৰ্মশালা অনুষ্ঠিত হয়। ২০২৭ ৰ লোকপিয়লৰ পূৰ্বে বিশেষ সজাগতাৰ বাবে এই কর্মশালা অনুষ্ঠিত হয়।
লোকপিয়ল প্ৰক্ৰিয়া কেনেদৰে সফলভাৱে ৰূপায়ণ কৰিব পাৰি এই বিষয়ে এই কাৰ্যসূচীত বিতংভাৱে আলোচনা কৰা হয়। এই কর্মশালাত লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক, কামৰূপ জিলাৰ আয়ুক্ত উপস্থিত থাকে। ২০২৭ ৰ লোকপিয়ল প্ৰক্ৰিয়া দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ৰ লোকপিয়ল ১৭ আগষ্টৰ পৰা গৃহ গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব।
২০২৭ বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰাা দ্বিতীয় পৰ্যায়ৰ লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই লোকপিয়ল আৰু গৃহগণনা প্ৰক্ৰিয়া ৰাইজে কি নথিপত্র দাখিল কৰিব লাগে বা নালাগে এই বিষয়ে এই কৰ্মশালাত উল্লেখ কৰা হয়। লোকপিয়ল প্ৰক্ৰিয়াৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে উল্লেখ কৰে।