আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কাছাৰ জিলা প্রশাসনে বিশেষ উদ্যোগ গ্রহণ কৰিছে। আনাৰস খেতিয়কসকলৰ বাবে বজাৰৰ উন্নত সুবিধা নিশ্চিত কৰাৰ লগতে খেতি ছপোৱাৰ পিছৰ লোকচান হ্রাস কৰাৰ উদ্দেশ্যে প্রশাসনে আনাৰস প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি আৰু শীতলীকৰণৰ সুবিধা সুলভ কৰি তোলাৰ ব্যৱস্থা লৈছে।
জিলা আয়ুক্ত কার্যালয়ত হোৱা এই সম্বন্ধীয় বৈঠকত জিলা আয়ুক্ত আয়ুষ গার্গ, জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু অতিৰিক্ত জিলা আযুক্ত তথা লক্ষ্মীপুৰৰ সহঃজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠকৰ লগতে মাৰ সম্প্ৰদায়ৰ আনাৰস খেতিয়কসকল উপস্থিত থাকে।
সভাত প্রয়োজনীয় আন্তঃগাথনি নির্মাণ আৰু যন্ত্রপাতি ক্ৰয়ৰ উদ্দেশ্যে নীতি আয়োগৰ পুঁজিৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয়। সতেজ আনাৰস দূৰৰ বজাৰলৈ লৈ যোৱাৰ বাবে এখন শীত তাপ নিয়ন্ত্রিত গাড়ী কিনাৰ প্ৰয়োজনীয়তা সন্দর্ভতো সভাত আলোচনা কৰা হয়।