ক’ভিডত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুওৱা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক, নাট তথা বৰগীতৰ শিল্পী গোলাপ শইকীয়াৰ পঞ্চম মৃত্যু দিৱস উপলক্ষে আজি কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২০ চনৰ আজিৰ দিনটোতে ক’ভিডত আক্ৰান্ত হৈ শইকীয়াৰ দেহাৱসান হৈছিল। আজি স্মৃতিচাৰণ অনুষ্ঠানত দূৰদৰ্শনৰ পাটনাৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ছলমান হায়দৰ উপস্থিত থাকি প্ৰয়াত বাতৰি পৰিৱেশকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৰণৰ বাবে আকাশবাণীয়ে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী মানসপ্ৰতিম শৰ্মাৰ লগতে বিভাগটোৰ কেইবাগৰাকীও সদস্যই শইকীয়াৰ সৈতে থকা মধুৰ স্মৃতি ৰোমন্থন কৰাৰ উপৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
Assamese | September 26, 2024 9:29 PM | AIR GUWAHATI
আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত বাতৰি পৰিৱেশক, নাট-বৰগীতৰ শিল্পী গোলাপ শইকীয়াৰ স্মৃতিচাৰণ