আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৩৬ চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতেই প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধবনিত হোৱা এটা কণ্ঠৰ জন্ম হয়।
স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ’ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু ১৯৫৬ চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বর্তমান আকাশবাণীয়ে ৫৯১টা কেন্দ্ৰৰ পৰা ২৩ ভাষা আৰু ১৪৬টা উপ- ভাষাত দেশৰ মুঠ জনসংখ্যাৰ ৯৮ শতাংশ লোকৰ বাবে সেৱা আগবঢ়াই আছে। আকাশবাণীৰ বৈদেশিক সেৱা বিভাগে ১০০ খনৰো অধিক দেশত সম্প্ৰচাৰৰ জৰিয়তে ভাৰতৰ কণ্ঠক বিশ্বত প্ৰতিষ্ঠা কৰিছে। একেদৰে বহুজন হিতায়, বহুজন সুখায় আদৰ্শৰে আকাশবাণীৰ বাতৰি সেৱা বিভাগে প্ৰায়বোৰ মুখ্য ভাষা আৰু উপ-ভাষাত ২৪ ঘণ্টাই সমগ্ৰ দেশৰ প্ৰতিটো ঘটনাৰ বাতৰি পৰিৱেশন কৰি আহিছে।
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেন ৰিজিজুৱে আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল যাত্রা উপলক্ষে শুভেচ্ছা জনাইছে। এটা ভিডিঅ বাৰ্তাত শ্ৰীৰিজিজুৱে কয়, যে বৰ্তমান সমগ্ৰ ৰাষ্ট্ৰ আকাশবাণীৰ সৈতে জড়িত হৈ আছে।