প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগলে কয়, যে আকাশবাণীয়ে জনসেৱা প্ৰচাৰৰ মাধ্যম হিচাপে দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মহাকুম্ভৰ আজি অন্তিম দিনটোত শ্ৰী সেহগলে কয়, যে আকাশবাণীৰ কুম্ভবাণী চেনেলে ইয়াৰ ৪৮ দিনীয়া প্ৰচাৰ কাৰ্যসূচীত দেশৰ বৃহৎ সংখ্যক জনসাধাৰণক সামৰি লৈছে। তেওঁ লগতে কয়, যে এই চেনেলটোৱে প্ৰয়াগৰাজলৈ নহা লোকসকলৰ সৈতেও মহাকুম্ভৰ অভিজ্ঞতা ভগাই ল’বলৈ সমৰ্থ হৈছে। শ্ৰী সেহগালে বৈচিত্ৰৰ মাজত একতাৰ যি প্ৰতিফলন মহাকুম্ভত দেখা গৈছিল, সেয়া আকাশবাণীয়ে সাধাৰণ লোকৰ লগতে ভক্ত, সন্ত আদি সকলো শ্ৰোতাৰ বাবে প্ৰচাৰ কৰিছে।
Assamese | February 26, 2025 6:44 PM | Akashvani | Kumbhbani
আকাশবাণীয়ে দেশৰ সংস্কৃতিৰ সৈতে জনসাধাৰণক পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ নৱনীত সেহগল