October 9, 2026 11:13 AM | Cancer Care

printer

অ-তালিকাভুক্ত কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ মূল্যৰ প্ৰস্তাৱত কেন্দ্ৰৰ অনুমোদন

চৰকাৰে অ-তালিকাভুক্ত কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধৰ যোগান আৰু বিক্ৰীৰ ক্ষেত্ৰত লভ্যাংশৰ উৰ্ধতম সীমা সর্বোচ্চ খুচুৰা মূল্যৰ ৩০ শতাংশত সীমাবদ্ধ ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই ব্যৱস্থাৰ ফলত ঔষধৰ মূল্য ৭০ শতাংশ পর্যন্ত হ্রাস পাব আৰু কৰ্কটৰোগীসকলৰ বছৰি আঢ়ৈ হাজাৰ কোটি টকা ৰাহি হ’ব বুলি ৰসায়ন আৰু সাৰ মন্ত্ৰ্যালয়ে আশা প্রকাশ কৰিছে। কৰ্কট ৰোগৰ তালিভুক্ত অত্যাৱশ্যকীয় ঔষধসমূহৰ মূল্য চৰকাৰে বান্ধি দিয়া সর্বোচ্চ সীমা অনুযায়ী নির্ধাৰণ কৰি অহা হৈছিল আৰু এতিয়া লভ্যাংশ নিয়ন্ত্রণ কৰি অ-তালিকাভুক্ত ঔষধসমূহকো মূল্য সুৰক্ষাৰ এই ব্যৱস্থাৰ আওতালৈ অনা হৈছে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত এখন বিশেষজ্ঞ সমিতিয়ে সামৰি ল’বলগীয়া ঔষধৰ তালিকা চূড়ান্ত কৰাৰ পাছত ৰাষ্ট্ৰীয় ভেষজ মূল্য নির্ধাৰণ প্ৰাধিকৰণে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিব।