অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা আজি দর্পণ পোৰ্টেলত প্ৰকাশ কৰা হৈছে। ছাত্র- ছাত্ৰীসকলে দর্পণ পোৰ্টেলত লগইন কৰি নামভৰ্তিৰ বাবে নির্বাচিত শিক্ষানুষ্ঠান তথা নিৰ্ধাৰিত শাখাৰ তথ্য লাভ কৰিব পাৰিব। আনহাতে এই প’ৰ্টেলত অহা ২৭ৰ পৰা ৩০ মে’ৰ ভিতৰত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব। শিক্ষা সংসদৰ অধীনত এইবাৰ একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে দৰ্পণ প’ৰ্টেলৰ জৰিয়তে এই পর্যন্ত তিনি লাখ ১৬ হাজাৰ ছাত্ৰ- ছাত্ৰীয়ে আবেদন কৰিছে। শিক্ষা সংসদে লোৱা সিদ্ধান্ত অনুসৰি দৰ্পণ প’ৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীকহে পৰৱৰ্তী পৰ্যায়ত একাদশ শ্ৰেণীৰ পঞ্জীয়নৰ আওতাত ৰখা হ’ব আৰু অনাগত পৰীক্ষাসমূহত অৱতীৰ্ণ হ’বৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হ’ব বুলি অসম মাধ্যমিক শিক্ষা সংসদৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে।
Assamese | May 20, 2024 1:13 PM | Darpan AHSEC
একাদশ শ্ৰেণীত নাম ভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰকাশ