ৰাজহুৱা শান্তি-শৃংখলা বৰ্তাই ৰখাৰ লক্ষ্যৰে অসম আবকাৰী আইনৰ অধীনত অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। বৰপেটা জিলাতো ২৪ ঘণ্টাৰ বাবে সুৰা নিষিদ্ধ কৰা হৈছে। ১৩ অক্টোবৰত পালন কৰিবলগীয়া শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি আৰু বিজয়া দশমীৰ বাবে এই নিৰ্দেশনা ২৪ ঘণ্টাৰ বাবে বাহাল থাকিব। এই দিনা জিলাখনৰ সকলো ধৰণৰ সুৰাৰ বিপণী, ৱেৰহাউছ আদি সম্পূৰ্ণৰূপে বন্ধ ৰাখিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা আছে। ইপিনে, গোলাঘাট জিলাৰ আবকাৰী বিভাগে অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ কেইবাটাও স্থানত আবকাৰীৰ দলে অভিযান চলাই অবৈধ সুৰাৰ লগতে সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে। অভিযানৰ সময়ছোৱাত আবকাৰী বিভাগে কেইবাজনো লোকৰ বিৰুদ্ধে ১০টা গোচৰ ৰুজু কৰিছে।
Assamese | October 9, 2024 6:52 PM | Assam | No Alcohol
অহা ১৩ অক্টোবৰত বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা