October 30, 2026 12:33 PM | medical entrance

printer

অহা ১১ আৰু ১২ ডিচেম্বৰত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰৱৰ্তী বিশেষ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰবেশ পৰীক্ষা

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰৱৰ্তী বিশেষ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰবেশ পৰীক্ষা অহা ১১ আৰু ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব। চিকিৎসা বিজ্ঞানৰ পৰীক্ষা সম্পৰ্কীয় ৰাষ্ট্ৰীয় বোর্ডে এখন জাননীযোগে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰসমূহত কম্পিউটাৰ ব্যৱহৃত পদ্ধতিৰে এই পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব। এই পৰীক্ষাৰ বাবে আবেদন দাখিলৰ অন্তিম তাৰিখ অহা ১৮ নৱেম্বৰ ধাৰ্য কৰা হৈছে। বোর্ডে প্ৰাৰ্থীসকলক ইয়াৰ ৱেবছাইটত থকা তথ্যসমূহ নিৰীক্ষণ কৰি থাকিবলৈ আহ্বান জনাইছে।