অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে কাইলৈ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব। কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এটা অনুষ্ঠানত গগৈয়ে বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্ব গ্রহণ কৰিব। ইয়াৰ আগতে আজি গৌৰৱ গগৈয়ে কলিয়াবৰৰ পৰা বটদ্ৰৱালৈ আহে আৰু বটদ্ৰবা থানত সেৱা জনায়। ইয়াৰ পাছত তেওঁ মৰিগাঁৱলৈ আহে। মৰিগাঁৱত তেওঁ প্রাক্তন বিধায়িকা জোন জোনালী বৰুৱাৰ বাসগৃহলৈ গৈ প্ৰয়াত নেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে মত-বিনিময় কৰে। মৰিগাঁৱত তেওঁক ভালেসংখ্যক কংগ্ৰেছ কৰ্মীয়ে শোভাযাত্ৰা কৰি আগুৱাই আনে বুলি আমাৰ মৰিগাঁৱৰ সংবাদদাতাই জনাইছে।
Assamese | June 2, 2025 9:13 PM | Akashvani Guwahati | Akashvani News | Congress | Gaurav Gogoi | Political News
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মঙলবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিব