ৰাজ্য চৰকাৰে গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডত একোটাকৈ মুঠ ৬০ টা নতুন পুথিভঁড়াল নির্মাণৰ সিদ্ধান্ত লৈছে। গুৱাহাটী পৌৰ নিগম আৰু ভাৰতীয় স্টেট বেংকৰ যৌথ প্রচেষ্টাত গঢ় লৈ উঠিবলগীয়া এই পুথিভঁড়ালসমূহ জ্ঞানচর্চা, চিন্তা আৰু সৃষ্টিশীলতাৰ নতুন কেন্দ্ৰ হব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰি কয় যে এখন ভাল গ্রন্থই, এটা ভাল পুথিভঁড়ালে এখন সমাজক আলোকিত কৰিব পাৰে। এই দিশৰ পৰা ৰাজ্য চৰকাৰে গুৱাহাটীৰ প্ৰতিটো ৱার্ডলৈ পুথিভঁড়ালৰ সুবিধা লৈ যোৱা সিদ্ধান্ত বিশেষ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে।