অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ

কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য দ্বীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে।

ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। ই আধুনিক বাহনখনত উদ্ভগৰ ৰোগ আৰু কীট পতংগ চিনাক্তকৰণৰ বাবে মাইক্র’স্কোপ, ৰোগ নিৰ্ণায়ক সজুলি মাটি আৰু পানী পৰীক্ষাৰ কিট, পোক পতংগ চিনাক্তকৰণৰ সামগ্ৰীড়, ডিজিটেল তথ্য ভাণ্ডাৰ, জি পি এছ ইণ্টাৰনেট সংযোগ আৰু বিশেষ প্ৰদৰ্শনী পৰ্দা সংযোজন কৰা হৈছে। ইয়াৰ জৰিয়তে কৃষকৰ পথাৰতে শস্যৰ ৰোগ, পুষ্টিজনিত সমস্যা আৰু অন্যান্য কৃষি সম্পৰ্কীয় জটিলতা চিনাক্ত কৰি তাৎক্ষণিক বিজ্ঞানভিত্তিক পৰামৰ্শ আগবঢ়োৱা সম্ভৱ হ’ব।

আনুষ্ঠানিকভাৱে শুভাৰম্ভ হোৱাৰ পাছতে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনখনে ৰাজ্যৰ বিভিন্ন জিলালৈ যাত্ৰা আৰম্ভ কৰে। বাহনখনৰ জৰিয়তে প্ৰথম পৰ্যায়ত উজনি আৰু উত্তৰ অসমৰ কেইবাটাও স্থানত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত কৃষকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আৰু যোগাযোগৰ ব্যৱস্থা কৰা হৈছে। ধেমাজিত আৰম্ভ হবলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত কৃষকৰ সৈতে মত বিনিময় আৰু শস্যৰ বীজ ৰোপণ সামগ্রী বিতৰণ কৰা হ’ব।

অসম কৃষি বিশ্ববিদ্যালয়ৰ এই নতুন পদক্ষেপে কৃষি বিজ্ঞান আৰু কৃষকৰ মাজৰ শক্তিশালী সংযোগ স্থাপন কৰাৰ লগতে ৰাজ্যৰ কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক ফলপ্রসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।