July 17, 2026 7:11 PM

views 27

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ

কৃষি বিজ্ঞানক কৃষকৰ পথাৰলৈ পোনপটীয়াকৈ লৈ যোৱাৰ লক্ষ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে এক বিশেষ পদক্ষেপ হিচাপে ভ্ৰাম্যমান উদ্ভিদ স্বাস্থ্য ক্লিনিক বাহনৰ শুভাৰম্ভ কৰিছে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য দ্বীপজ্যোতি ৰাজখোৱাই এই বিশেষ বাহনখনৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় মাহজাতীয় শস্য অভিযানৰ সৈতে সংগতি ৰাখি আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ লক্ষ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক অধিক গতিশীল, বিজ্ঞানভিত্তিক আৰু কৃষকমুখী কৰি তোলা। ই আধুনিক বাহনখনত উদ্ভগৰ ৰোগ...

October 10, 2025 1:01 PM

views 65

অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত

● যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অর্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মার্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত কালি আয়োজিত অনুষ্ঠানত উত্তৰ প্ৰদেশৰ এন বি এ আই এমৰ সঞ্চালক ড° আলোক কে. শ্রীবাস্তৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মিলনৰ সমন্বয়ক ধানেশ্বৰ ৱাক্‌চুৱে নিজৰ ভাষণত ৰ...

April 5, 2025 9:04 PM

views 65

৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব।

April 5, 2025 12:36 PM

views 54

অহা ৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ'ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ'ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ'বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ'ব।

October 15, 2024 7:07 PM

views 34

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ৰ উচ্চ উৎপাদনক্ষম লাইশাকৰ জাত আৰু জলকীয়াৰ জাত উদ্ভাৱন

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ে উচ্চ উৎপাদনক্ষম দুটা লাইশাকৰ জাত আৰু এটা জলকীয়াৰ জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনৰ উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানীয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কাজলি আৰু লাইকা নামৰ লাইশাকৰ দুটা জাত আৰু প্ৰবালী নামৰ জলকীয়াৰ জাত উদ্ভাৱন কৰিছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে লাইশাকৰ জাত দুটা ৮৫ৰ পৰা ৯০ দিনৰ শস্যক্ৰমত হেক্টৰে প্ৰতি ৪০০ৰ পৰা ৪৫০ কুইণ্টল উৎপাদন কৰিব পাৰিব। আনহাতে জলকীয়াৰ জাতটোৱে হেক্টৰে প্ৰতি ১২০ৰ পৰা ১৩০ কুইণ্টল উৎপাদন ...