অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হ’ব। এই সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতিপ্ৰেমী গ্ৰীণ অস্কাৰ বিজয়ী পূর্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণি প্ৰেক্ষাগৃহত হ’বলগীয়া কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ গৰাকী শিক্ষার্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰা হ’ব।
Assamese | April 5, 2025 12:36 PM | Assam Agricultural University
অহা ৯ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন