অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ে উচ্চ উৎপাদনক্ষম দুটা লাইশাকৰ জাত আৰু এটা জলকীয়াৰ জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। বিশ্ববিদ্যালয়খনৰ উদ্যান বিজ্ঞান বিভাগৰ গৱেষক বিজ্ঞানীয়ে দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কাজলি আৰু লাইকা নামৰ লাইশাকৰ দুটা জাত আৰু প্ৰবালী নামৰ জলকীয়াৰ জাত উদ্ভাৱন কৰিছে। বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে লাইশাকৰ জাত দুটা ৮৫ৰ পৰা ৯০ দিনৰ শস্যক্ৰমত হেক্টৰে প্ৰতি ৪০০ৰ পৰা ৪৫০ কুইণ্টল উৎপাদন কৰিব পাৰিব। আনহাতে জলকীয়াৰ জাতটোৱে হেক্টৰে প্ৰতি ১২০ৰ পৰা ১৩০ কুইণ্টল উৎপাদন কৰিব পাৰিব।
Assamese | October 15, 2024 7:07 PM | Assam Agricultural University
অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীয়ৰ উচ্চ উৎপাদনক্ষম লাইশাকৰ জাত আৰু জলকীয়াৰ জাত উদ্ভাৱন