অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অধীনত আজি বিশেষ কার্যবাহিনীৰ এটা দলে অভিযান চলাই কামৰূপ জিলাৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ এক কেজিৰো অধিক হেৰ’ইন জব্দ কৰে। এই হেৰ’ইনখিনি ৯৪টা চাবোনৰ বাকচত লৈ যোৱা হৈছিল। আৰক্ষীয়ে ঘটনা সংক্রান্তত নুৰুল হুছেইন আৰু বিতুল আলী নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।
Assamese | January 14, 2025 8:59 PM | Assam Police seized Heroin
অসম আৰক্ষীৰ আমিনগাঁৱত এখন বাহনৰ পৰা প্ৰায় ৯ কোটি টকাৰ অধিক হেৰ’ইন জব্দ