August 10, 2026 11:32 AM | Weight Lifting

printer

এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ মহাৰাজন অৰুমুগাপাণ্ডিয়ানৰ ৰূপৰ পদক

উজবেকিস্তানৰ তাস্কেণ্টত অনুষ্ঠিত এছিয়ান জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপত পুৰুষৰ ৬৫ কিলোগ্রাম শাখাত ভাৰতৰ মহাৰাজন অৰুমুগাপাণ্ডিয়ানে ৰূপৰ পদক জয় কৰিছে। মহাৰাজনে স্লেটছত ১২৮ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্কত ১৫৭ কিলোগ্রাম ভাৰোত্তোলন কৰি ব্যক্তিগত সর্বশ্রেষ্ঠ প্রদর্শনেৰে মুঠ ২৮৫ কিলোগ্রাম ভাৰোত্তোলন কৰে। ভিয়েটনামৰ হোৱাং থাচে মুঠ ২৯১ কিলোগ্রাম ভাৰোত্তোলন কৰি স্বর্ণপদক জয় কৰে।