● অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয় বিষয় বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মন্তব্য কৰিছে। শ্রমিকসকলক কোনোধৰণৰ অনুমতি নোহোৱাকৈ এনেদৰে লৈ যোৱা তথা সামাজিক নিৰাপত্তা নথকা ব্যৱস্থাটো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলিও তেওঁ উল্লেখ কৰিছে। চাহ বাগানৰ পৰা মানৱ সৰবৰাহ কৰাৰ অভিযোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে যেতিয়া ঘৰৰ যুৱকজন ক’লৈ গৈছে সেয়া পৰিয়ালৰ লোকে জ্ঞাত হয়, তেতিয়া তাক মানৱ সৰবৰাহৰ দৃষ্টিৰে চাব পৰা নাযায়। কোনোবাই প্রলোভন দিলেহে মানৱ সৰবৰাহ বুলি গণ্য কৰা হয়। অসমত ঔদ্যোগীকৰণৰ পৰিৱেশ সৃষ্টি হ’লেহে এই সমস্যাৰ অন্ত পৰিব আৰু চাহ শ্ৰমিকৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ কয়।
Assamese | December 18, 2025 12:47 PM | Akashvani | Akashvani Guwahati | Chief Minister Dr Himanta Biswa Sarma | CMO Assam
অসমৰ চাহ শ্রমিকক কাম কৰিবলৈ অৰুণাচললৈ লৈ যোৱাটো চিন্তনীয়: মুখ্যমন্ত্ৰী