অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰ্যালয়ে যোৱা ১ জুলাইৰ পৰা ১১ জুলাইলৈকে বিভিন্ন বিভাগৰ অভিযোগ নিষ্পত্তিৰ তালিকা প্রকাশ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্ৰ্যালয়ে প্রকাশ কৰা তালিকাৰ তথ্য সামাজিক মাধ্যমযোগে প্রকাশ কৰি জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসম শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অসমে এই সময়ছোৱাত ৩,১৯২টা অভিযোগ নিষ্পত্তি কৰিবলৈ সক্ষম হৈছে। অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে শীর্ষ স্থান লাভ কৰিছে ৷
Assamese | July 14, 2024 12:06 PM | Assam CM
অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ