অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। অপাৰেচন সিন্দূৰৰ পাছত বিদেশত ব্রাহ্মোছ ক্ষেপণাস্ত্ৰৰ চাহিদা বৃদ্ধি পাইছে। লক্ষ্ণৌ সংসদীয় সমষ্টিলৈ দুদিনীয়া ভ্রমণসূচীৰে যোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনা নেচনেল পি জি কলেজত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰভানু গুপ্তাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ১৪ খন দেশে ব্রাহ্মোছ ক্ষেপণাস্ত্ৰ বিচৰাৰ কথা উল্লেখ কৰে। তেওঁ লগতে এই ক্ষেপণাস্ত্ৰ লক্ষ্মৌৰ পৰাও ৰপ্তানি কৰা হ’ব বুলি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনত কৰ্ম-সংস্থাপন বৃদ্ধি পাব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে উত্তৰ প্ৰদেশ দেশৰ ৰাজনৈতিক যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। ৰাজ্যখনত জন্ম গ্ৰহণ কৰা নেতা আৰু স্বাধীনতা সংগ্ৰামীসকলে দেশক সদায়ে নতুন শিখৰত উপনীত কৰাত অৱদান আগবঢ়াইছে। চন্দ্রভানু গুপ্তাও তেনে এগৰাকী উল্লেখযোগ্য নেতা। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নেতাগৰাকীৰ সন্মানাৰ্থে এটা ডাক টিকটো মুকলি কৰে। আনহাতে, যোগী আদিত্যনাথ নেতৃত্বাধীন বৰ্তমানৰ ৰাজ্য চৰকাৰখনক তেওঁ প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্য্যকালত ৰাজ্যখন উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে ।
Assamese | July 13, 2025 9:25 PM | Rajnath Singh
অপাৰেচন সিন্দূৰৰ সময়ত ব্রাহ্মোছ ক্ষেপণাস্ত্রই উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী