November 2, 2025 7:19 PM | Assam CM meet Vaisnab

printer

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে ৰাজ্যখনত ৰে’ল সেৱা সম্প্ৰসাৰণৰ লগতে কেইবাটাও বিষয় সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই ৰাজ্যৰ যাতায়ত ব্যৱস্থা অধিক সুশৃংখলিত কৰাৰ বাবে ৰে’ল সেৱাৰ বিভিন্ন দিশত নতুনত্বৰ পোষকতা কৰে। এই বৈঠকত অসমলৈ চলাচল কৰা তিনিখন নতুন অমৃত ভাৰত ৰে’লৰ যাত্ৰা সম্পৰ্কে আলোচনা কৰা হয়। তদুপৰি কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুৰ মাইণ্ডফুলনেছ চিটীলৈ নতুন ৰে’ল পথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে কৰা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। অসমৰ মাজেৰে চলাচল কৰা গুৰুত্বপূৰ্ণ ৰে’লসমূহৰ ষ্টপেজৰ সংখ্যা বৃদ্ধি কৰিবলৈও মুখ্যমন্ত্ৰীয়ে ৰেল মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ৰে’ল মন্ত্ৰীগৰাকীয়ে এই বিষয়সমূহ বিবেচনা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে।