ভাষাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত অনন্য আৰু ভাৰতৰ ভাষা-সাহিত্য জ্ঞানৰ সোণৰ খনি বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি প্ৰকাশ কৰিছে। নতুন দিল্লীত ভাৰতীয় পৰিসংখ্যা সেৱাৰ পৰীক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰি উপৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে কয়, যে ভাৰতৰ সৰ্বাংগীন ছবিখন ইয়াৰ ভাষাসমূহত জৰিয়তে প্ৰতিফলিত হৈছে আৰু ই দেশৰ মেৰুদণ্ড শক্তিশালী কৰিছে। তেওঁ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষাক অগ্ৰাধিকাৰ দিয়া বুলিও প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বর্তমান আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ আনকি চিকিৎসা আৰু অভিযান্ত্ৰিক বিষয়সমূহো মাতৃভাষাৰ মাধ্যমত গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব প্ৰদান কৰে।
Assamese | May 29, 2025 9:04 PM | Akashvani News | Jagdeep Dhankar
ভাষাৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বত অনন্য আৰু ভাৰতৰ ভাষা-সাহিত্য জ্ঞানৰ সোণৰ খনিঃ উপ-ৰাষ্ট্ৰপতি