বজালী জিলাত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে। বজালীৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আয়োজন কৰা এই সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে আজি পাটাছাৰকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত পোষ্টাৰ অংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ১৫০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত সমল ব্যক্তিসকলে মাদক দ্ৰব্যৰ কুপ্ৰভাৱ আৰু এনে দ্ৰব্য সেৱনৰ পৰা আঁতৰত থাকিব পৰা উপায় সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।
Assamese | June 2, 2025 9:09 PM | Akashvani Guwahati | Akashvani News | Bajali | Local news
বজালীত আজিৰে পৰা মাদক দ্ৰব্য সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে মাহজোৰা সজাগতা কাৰ্যসূচী