ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক গৰিহণা দি দেশখনৰ অন্তৱৰ্তীকালীন কর্তৃপক্ষক জাতি-ধর্ম নির্বিশেষে দেশবাসীক সুৰক্ষা দিবৈল আহ্বান জনাইছে বুলি কূটনীতিবিদসকলে প্ৰকাশ কৰিছে। ৰাছিয়া আৰু আমেৰিকাই খচৰা প্ৰস্তুত কৰা ৰাষ্ট্ৰপতিৰ বিবৃতিটো আজি নিৰাপত্তা পৰিষদৰ মুকলি অধিৱেশনৰ সময়ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হ’ব বুলি কূটনীতিবিদসকলে জানিবলৈ দিছে। ছিৰিয়াৰ মানৱ অধিকাৰ নিৰীক্ষণ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা ৬ মাৰ্চৰ পৰা ছিৰিয়াৰ উপকূলীয় অঞ্চলত ক্ষমতাচ্যুত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ অনুগামী আৰু দেশখনৰ নতুন ইছলামিক শাসকৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষত কমেও এহেজাৰ ৩৮৩ গৰাকী অসামৰিক লোক নিহত হৈছে।
Assamese | March 14, 2025 7:42 PM | UN Syria
ছিৰিয়াৰ উপকূলীয় অঞ্চলত সংঘটিত ব্যাপক হিংসাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গৰিহণা