জনসাধাৰণক তেলজাতীয় সামগ্ৰীৰ অধিক ব্যৱহাৰ পৰিহাৰ কৰি এটা সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু যকৃতৰ বিভিন্ন ৰোগ সম্পৰ্কে সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি বিশ্বজুৰি যকৃৎ দিৱস পালন কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত মৃত্যুৰ ১০ টা মূল কাৰণৰ ভিতৰত যকৃতৰ ৰোগো এটা অন্যতম কাৰণ হেপাটাইটিচ বি, চি আৰু হেপাট’চেলুলাৰ কাৰ্চিন’মাৰ দৰে ৰোগসমূহ সাধাৰণতে মাদক দ্ৰব্যৰ অত্যধিক সেৱন, অসুস্থ জীৱন শৈলী, দীঘলীয়া সময়জুৰি অস্বাস্থ্যকৰ খাদ্য গ্রহণ, ব্যায়াম নকৰা আদি আদিৰ বাবে হয়।
Assamese | April 19, 2025 9:11 PM | World Liver Day 2025
আজি বিশ্বজুৰি যকৃৎ দিৱস পালন